বঙাইগাঁওঃ টিভি আৰু কাকতত নিদিয়া খবৰ দিয়ে তেওঁলোকে৷ তেওঁলোকে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভতকৈয়ো ওপৰত৷ কাৰণ তেওলোকে বিশ্বৰ আগশাৰীৰ কাকত, নিউজ চেনেলত নিদিয়া খবৰবোৰ প্ৰকাশ কৰে৷ তেওলোকে ফেচবুকত তেনে খবৰবোৰ দিবলৈ একো একোটা গ্ৰুপ খুলি লৈছে৷ ফেচবুকত অহৰ্নিশে সাজু হৈ থাকে তেওঁলোকে৷
প্ৰকৃততে টিভি কাকতত নিদিয়া খবৰ দিয়ে নে তেওঁলোকে? হয়, তেওঁলোকে তেনেকুৱা খবৰ নিদিয়ে৷ তেওঁলোকে অশ্লীল অবাইছ ভাষাৰে ইজনে-সিজনক আক্ৰমণ কৰি আপডেট দিয়ে৷ ইছলাম আৰু হিন্দু ধৰ্মৰ লোকৰ বিৰুদ্ধে আপত্তিজনক কথা লিখে৷ যাৰ কথা বৰ্ণনা কৰিব নোৱাৰি৷