99
ডিজিটেল ডেস্কঃ মুম্বাই মহানগৰীত মঙলবাৰে পুৱাৰ ভাগত সংঘটিত হয় এক শোকাৱহ ঘটনা৷ এই ঘটনাত অতি কমেও ৮জনকৈ লোক নিহত হয়।
প্ৰাপ্ত বাতৰি মতে, এটি চাৰিমহলীয়া অট্টালিকা খহি পৰাৰ ফলত লোককেইজনে কৰুণ মৃত্যুক সাবতি লয়। ঘটনাটোত আহত হয় কেইবাজনো লোক৷ মহানগৰীখনৰ পশ্চিম ঘাটকোপাৰত সংঘটিত হয় এই ঘটনা৷