বৰক্ষেত্ৰীঃ হাতখন কৌশলী হ’লে ভাতমুঠি মোকলোৱা সহজ হৈ পৰে। বৰক্ষেত্ৰীৰ দৰঙ্গীপাৰাত সেয়া সম্ভৱ কৰি তোলাৰ উদ্দেশ্যেই আৰম্ভ হৈছে দুদিনীয়া প্ৰশিক্ষণ শিবিৰ। গ্ৰামীণ অঞ্চলত হস্তকলাৰ প্ৰশিক্ষণ আগবঢ়োৱা গুৱাহাটী মহানগৰীৰ এটি ব্যক্তিগত স্বেচ্ছাসেৱী সংস্থাই দুদিনীয়া প্ৰশিক্ষণ শিৱিৰ পৰিচালনা কৰিছে বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত দৰঙ্গীপাৰা গাঁৱত। শতাধিক যুৱতী আৰু মহিলাক বিভিন্ন পেলনীয়া সামগ্ৰীৰ পৰা কেনেদৰে ৰং-বিৰঙৰ নিত্য ব্যাৱহাৰ্য সামগ্ৰী নিৰ্মাণ কৰিব পাৰি তাৰেই শিক্ষা দিছে।
‘আমি’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে বছৰ বছৰ ধৰি এনেদৰে গাঁৱে-ভূঞে গৈ বিশেষকৈ যুৱতী আৰু মহিলাসকলক অৱসৰৰ সময়খিনিত বিভিন্ন সামগ্ৰী হাতেৰে নিৰ্মাণ কৰি কিছু পৰিমাণে হ’লেও স্বাৱলম্বী হোৱাৰ প্ৰশিক্ষণ দি আহিছে। দৰঙ্গীপাৰাতো স্থানীয় যুৱতী আৰু মহিলাসকলে এই প্ৰশিক্ষণ শিৱিৰত অংশগ্ৰহণ কৰি সংস্থাটোৰ এই পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ লগতে তেওঁলোকে ইয়াৰ পৰা লাভান্বিত হ’ব বুলি ব্যক্ত কৰে।