64
গোলকগঞ্জঃ ধুবুৰী জিলাৰ গোলোকগঞ্জ চহৰত দেশী-বিদেশী সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত আছে। চহৰ খনৰ মাজমজিয়াত থকা একাংশ পান দোকান আৰু ষ্টেচনাৰী দোকানতো বিলাতী মদ বিক্ৰী হৈ আহিছে।
বজাৰ এলেকাৰ ৰেল গুমটি অঞ্চলত ৰমৰমীয়া কৈ চলিছে অবৈধ চুলাই মদৰ ঘাটি। মদ বিক্ৰীৰ কোনো বৈধ অনুমতি নথকাকৈ এক মাত্ৰ আবকাৰী বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ কৃপাত এই দোকান সমুহত অবৈধ মদ বিক্ৰী হ’ব পাৰিছে বুলি সচেতন মহলৰ অভিযোগ।