দলংঘাটঃ অবিভক্ত দৰং জিলাৰ কলিতা জনগোষ্ঠী সন্মিলনৰ দেওধনীঘাট শাখাৰ উদ্যোগত কৃৰ্তী ছাত্ৰ ছাত্ৰীৰ অভিনন্দন অনুষ্ঠানটি বৃহস্পতিবাৰে নামখলা আদৰ্শ জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। দেওধনীঘাট শাখাৰ সম্পাদক বসন্ত কলিতাই আঁত ধৰা সভাখন উদ্ধোধন কৰে নগাঁও জনতা হাইস্কুলৰ শিক্ষক কুলেন কলিতা দেৱে আৰু সঞ্চালনা কৰে অবিভক্ত দৰং জিলা কলিতা জনগোষ্ঠী সন্মিলনৰ প্ৰাক্তন সভাপতি কিৰণ চন্দ্ৰ চহৰীয়াই।
উক্ত সভাত শাখাৰ অন্তৰ্গত সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা শাখাৰ অন্তৰ্গত ৭১ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। কৃতী ছাত্ৰ-ছাত্ৰী সকলক একোখনকৈ গামোচা, মানপত্ৰ আৰু একোটিকৈ মূল্যবান গছপুলিৰে অভিনন্দন জনোৱা হয়।