দলংঘাটঃ ৭ দিনে সন্ধান নাই বাপ্পি সাহাৰ৷ ক’লৈ গ’ল বাপ্পি? বাপ্পিক বিচাৰি হায়ৰাণ হৈ পৰিছে পৰিয়াল৷ কলাইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত খৈৰাবাৰীৰ দক্ষিণ গুৰিহাটীৰ যুৱক বাপ্পিয়ে ২৩ জুলাইৰ সন্ধিয়া প্ৰায় আঠ বজাত ঘৰৰ পৰা ওলাই গৈ আজিলৈ উভতি নাহিল৷
ত্ৰিশ বছৰীয়া যুৱক বাপ্পিৰ পৰিয়ালে অঙহী-বঙহীৰ ঘৰত বিচাৰি কোনো সম্ভেদ নাপায় চিন্তাত দিন পাৰ কৰিছে৷ বিভিন্ন ঠাইত সন্ধান কৰিও সম্ভেদ উলিয়াব নোৱাৰি খৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব পৰা নাই।