ডিজিটেল ডেস্কঃ দ্য কম্পলিট মেন। প্ৰকৃতাৰ্থত সম্পূৰ্ণ মানুহ। এয়া হৈছে এটা বিখ্যাত কাপোৰ প্ৰস্তুতকাৰী সংস্থাৰ টেগলাইন। অৰ্থাৎ এই কোম্পানীটোৰ কাপোৰেৰে তৈয়াৰী পোছাক পিন্ধিলে মানুহ এজন সম্পূৰ্ণ হৈ পৰে। পিছে কাপোৰ পিন্ধিলেই জানো এজন মানুহ প্ৰকৃত মানুহ হ’ব পাৰে?
১২০০০ কোটিৰ কোম্পানী নিজৰ পুত্ৰৰ হাতত গতাই এতিয়া এটা টকাৰ কাৰণে লোকৰ সহায় বিচাৰিবলগীয়া হৈছে এসময়ৰ কোটিপতি ব্যৱসায়ী তথা মানুহক প্ৰকৃতাৰ্থত সম্পূৰ্ণ মানুহ কৰি তোলা কাপোৰৰ বাবে বিশ্বখ্যাত কোম্পানী Raymondৰ মালিক ৭৮ বৰ্ষীয় বিজয়পত সিংহানিয়াই।