ওদালগুৰিঃ বড়োলেণ্ড জনজাতি সুৰক্ষা সমিতিৰ সভাপতি জনকলাল বসুমতাৰীৰ আদিবাসী বিৰোধী মন্তব্যৰ বিৰুদ্ধে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি আঞ্চলিক সমিতিয়ে।
সংগঠনটোৱে আজি তেওঁলোকৰ কাৰ্যালয়ৰ সন্মুখত বিতৰ্কিত নেতাগৰাকীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰায় অৰ্ধশতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰা উক্ত কাৰ্যসূচীত “জনকলাল বসুমতাৰী হায় হায়, আমাক ভূমিপট্টা প্ৰদান কৰক, আদিবাসী সম্প্ৰদায়ক অপমান সহ্য কৰা নহব” ইত্যাদি শ্লোগান প্ৰদান কৰি পৰিৱেশ উত্তাল কৰি তোলে।