গুৱাহাটীঃ জনমতক উপেক্ষা কৰি ৰাজ্য চৰকাৰে দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰাৰ বাবে উঠিপৰি লাগিছে৷ ৰাজ্যৰ বিভিন্ন দল-সংগঠনে দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন কৰিব খোজা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰাৰ লগতে ৰাজ্যৰ পুৰোধা ব্যক্তি সকলৰ নামত মহাবিদ্যালয় স্থাপনৰ দাবী জনাই আহিছে৷
ৰাজ্যৰ দল-সংগঠনে প্ৰতিবাদ জনাই অহাৰ সময়তে “মই টকা দিম, মই কলেজ সাজিম, মই কলেজ চলাম, গতিকে কলেজৰ নামো মোৰ ইচ্ছা মতেই হ’ব” বুলি ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰে৷ কেৱল ইমানে নহয় বুদ্ধীজিৱী ড০ হীৰেন গোঁহাইক তুচ্ছ-তাচ্ছিল্য কৰে মন্ত্ৰীগৰাকীয়ে৷ বুদ্ধীজিৱী নহয় বৌদ্ধিক দীনতাৰ সৃষ্টি কৰা বুলি কয় মন্ত্ৰী হিমন্তই৷