75
জয়সাগৰঃ অসমীয়া চলচ্চিত্ৰ জগতৰ প্ৰথমখন বহুল বাজেটৰ ছৱি জুবিন গাৰ্গৰ ‘মিছন চাইনা’ৰ শুভমুক্তিৰ বাবে মাজত আৰু মাত্ৰ কেইটামান দিন বাকী৷ চেপ্তেম্বৰৰ ৮ তাৰিখে মুক্তি পাবলগীয়া ছৱিখনক লৈ আশাবাদী জুবিন আৰু চলচ্চিত্ৰপ্ৰেমী৷
ৰাজ্যৰ বানাক্ৰান্ত সকলৰ কাষত থিয় হোৱাৰ মাজে মাজে ইতিমধ্যে জুবিনে চলাইছে চিনেমাখনৰ প্ৰচাৰ অভিযান৷ জনপ্ৰিয় শিল্পীগৰাকী আজি শিৱসাগৰত উপস্থিত হৈ বহু চৰ্চিত বোলছৱিখনৰ প্ৰচাৰ অভিযান চলায়৷