61
ধিংঃ হাতে হাতে ঝাড়ু লৈ ওলাই আহিল কেইবাশতাধিক মহিলা৷ পিঠি পোৰা ৰদকো আওকান কৰি হাতে হাতে ঝাড়ু লৈ নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়া পঞ্চায়তৰ বহু ৰাজহুৱা স্থান চাফ চিকুণ কৰে৷
বটদ্ৰৱাৰ দলংঘাট খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সমন্বয়ক অনুৰাধা ফুকন আৰু সমাজকৰ্মী মিনা দাস, মালতী কলিতাৰ তত্বাৱধানত ৰাইডঙীয়াত পৰিবেশ সজাগতাৰ লগতে স্বচ্ছতাৰ লক্ষ্যৰে আজি পুৱা ৰাইডঙীয়া অঞ্চলৰ প্ৰায় আঠ শতাধিক মহিলাই হাত ঝাড়ু লৈ ওলাই আহে৷