ডিজিটেল ডেস্কঃ চলিত মাহৰ শেষৰ ফালে নতুবা ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহতে বজাৰত ২০০ টকাৰ নোট মুকলি কৰি দিব ৰিজাৰ্ভ বেংকে। ক’লা বেপাৰীসকলক আৰু এশিকনি দিবৰ বাবেই এই উদ্যোগ হাতত লোৱা হৈছে বুলি চৰকাৰী সূত্ৰই সদৰী কৰিছে।
সূত্ৰটোৱে কয় যে নোটৰ মাধ্যমেৰে চলি অহা দুৰ্নীতি ৰোধ কৰিবলৈকে দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ২০০ টকীয়া নোট মুকলি কৰা হ’ব। নোটক লৈ যাতে ক’লা বজাৰৰ উদ্ভৱ নহয় আৰু যোগান হ্ৰাস নহয় তাৰ বাবে আৰম্ভণিতে ৫০ কোটি টকাৰ নোট মজুত ৰখা হৈছে বুলি জানিব পৰা গৈছে।