পাভৈঃ বিশ্বনাথৰ ধুলিত ১০ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব জনবস্ক চেলেঞ্জ ট্ৰফী-২০১৭৷ মাদাৰ মেৰী য়ুথ ক্লাৱৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ধুলি চাহ বাগিচা খেল পথাৰত অনুষ্ঠিত হ’বলগীয়া ফুটবল প্ৰতিযোগিতা নিয়াৰিকৈ পৰিচালনা কৰিবলৈ জন ৰবিনচন এক্কাক সভাপতি আৰু জন আৰ্তীশ টপ্পক সম্পাদক হিচাপে লৈ পৰিচালনা সমিতি গঠন কৰা হৈছে।
বিজয়ী দলক চলন্ত ট্ৰফীৰ লগতে নগদ ত্ৰিশ হাজৰ আৰু ৰাণাৰ্চআপ দলক চলন্ত ট্ৰফীৰ লগতে দহ হাজাৰ টকাৰে পুৰস্কৃত কৰিব। আনহাতে এগৰাকী সুখেলুৱৈ আৰু চেম্পিয়ন গলকীপাৰ নিৰ্বাচন কৰি ক্ৰমে এহেজাৰ আৰু পাঁচশ টকাৰে পৰস্কৃত কৰিব৷ ১০ চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ফুটবল খেল প্ৰতিযোগিতাত ৰজ্যখনৰ বহু কেইটা অগ্ৰনী ফুটবল দলে অংশগ্ৰহণ কৰিব।