মাজুলীঃ মাজুলীৰ বৰ্ণনা নতুনকৈ দিয়াৰ প্ৰয়োজন নাই৷ মাজুলী ক’ত কিয় বিখ্যাত সেই কথা অসমৰ মানুহক কিয় বিশ্বৰ মানুহক কোৱাৰ প্ৰয়োজন নাই৷ অসমীয়াৰ আৱেগ, অনুভূতি মাজুলী৷ লোক-সংস্কৃতিৰ ভৰাল মাজুলী৷ মাজুলী চৌদিশৰ পৰা চহকী৷ জাতি-জনগোষ্ঠীৰ মিলন ভূমি মাজুলী৷ সত্ৰীয়া নৃত্য, গীত, খোল-তাল, ভাওনা-সবাহ, মিচিং গাভৰুৰ ঐনিতমৰ সুৰ মাজুলীৰ পৰিচয়৷
অসমীয়া মানুহৰ আৱেগ জড়িত হৈ আছে মাজুলীৰ সভ্যতা-সংস্কৃতিৰ সৈতে৷ অসমৰ জন-জীৱনৰ সৈতে মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ আছে এৰাব নোৱৰা এক সম্পৰ্ক৷ ভাগৱতী সত্ৰ, বেলসিদ্ধিয়া সত্ৰ, বেঙেনাআটী সত্ৰ, বালিচাপৰিৰ এলেঙি সত্ৰ, বিহিমপুৰ সত্ৰ, বাঘৰগঞা সত্ৰ, বতাৰগঞা সত্ৰ, পোহাৰিদয়া সত্ৰ, পুনিয়া সত্ৰ, নাচনিপাৰ সত্ৰ, নৰসিংহ সত্ৰ, দীঘলী সত্ৰ আদি অলেখ সত্ৰ আছে মাজুলীত৷