চৰাইদেউঃ হাতে হাতে হেংদাং লৈ ৰাজপথলৈ ওলাই আহিল অসমীয়া ডেকা৷ অসম আৰু অসমীয়াৰ বাবে মৰিবলৈ ভয় নাই বুলি চিঞৰি সকীয়াই দিলে অসমীয়া বিৰোধীক শক্তিক৷ নগাঁও কাণ্ডই সমগ্ৰ ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে আজি চৰাইদেউ জিলাৰ সোণাৰিত হাতে হাতে হেংদাং লৈ অসমীয়া যুৱকে প্ৰতিবাদ সাব্যস্ত কৰে।
অসমত অনা অসমীয়াৰ অত্যাচাৰ বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰি চৰাইদেউ জিলাৰ সদৰ সোণাৰিত বিক্ষোভ প্ৰদৰ্শন লগতে পথ সভা অনুষ্ঠিত কৰে কেইবাটাও সংগঠনে৷ টাই আহোম যুৱ পৰিষদ, আটাছু, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, আমছু, আটছা, ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদ, আহোম জাতীয় গণমঞ্চ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, অসম জাতীয়তাবাদী যুৱ-পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে দিনৰ বাৰ বজাৰ পৰা পথ সভা অনুষ্ঠিত কৰে৷