79
কামপুৰঃ ১২ ঘন্টীয়া বন্ধত স্তব্ধ হৈ পৰিল নগাঁও জিলাৰ কামপুৰ৷ নগাঁৱত প্ৰাক্তন আলফাক বহিৰাগত বণিকে আক্ৰমণ কৰাৰ প্ৰতিবাদত আজি কামপুৰৰ ৰাইজে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া কামপুৰ বন্ধ পালন কৰি ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
কামপুৰৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদী বন্ধৰ সময়চোৱাত কামপুৰৰ তেতেলিসৰাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি।কামপুৰত সকলো যান বাহন চলাচল বন্ধ কৰি দিয়াত স্তব্ধ হৈ পৰে জনজীৱন৷