পাঞ্জাবাৰী/কাজিৰঙাঃ উত্তৰ-পূব ভাৰতৰ সকলোতকৈ পুৰণি ব্যক্তিগত খণ্ডৰ চেটেলাইট নিউজ চেনেল প্ৰাগ নিউজ চেনেলত বিশ্বৰ ভিন্ন প্ৰান্তৰ আজৱ খবৰ দেখুৱাই জনপ্ৰিয় হৈ পৰা সাংবাদিক ৰীমা শৰ্মাৰ মৃত্যুত ৰাজ্যৰ দল-সংগঠন, সংবাদ প্ৰতিষ্ঠান, সাংবাদিকৰ সংগঠনে শোক প্ৰকাশ কৰে৷
আজৱ খবৰ প্ৰচাৰ কৰি জনপ্ৰিয় হৈ পৰা ৰীমা শৰ্মাই নিয়তিৰ ওচৰত হাৰ মানে শনিবাৰে নিশা। মহানগৰীত এক পথ দুৰ্ঘটনাত পতিত হৈ ৰীমাই অকালতে প্ৰাণ হেৰুৱায়। সাংবাদিক ৰীমা শৰ্মাৰ অকাল মৃত্যুত অসমৰ সংবাদজগতত শোকৰ ছাঁ পৰে।