ডিব্ৰুগড়ঃ নগাঁও কাণ্ডৰ বিৰুদ্ধে আজিও উত্তাল ৰাজ্য৷ অনা-অসমীয়া ব্যৱসায়ীয়ে প্ৰাক্তন আলফা মুন বৰাক মাৰপিট কৰি গুৰুতৰ ভাৱে আহত কৰাৰ বিৰুদ্ধে ডিব্ৰুগড়তো আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে। খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ দাবীত তথা অনা-অসমীয়াৰ দাদাগিৰি বন্ধ কৰাৰ শ্ল’গানেৰে ডিব্ৰুগড়ৰ বৰপথাৰত শ শ ৰাইজ ৰাজপথলৈ ওলাই আহে।
বৰপথাৰৰ বহু যুৱকে হাতে হাতে জোঁৰ, বেনাৰ লৈ অনা অসমীয়াৰ গুণ্ডামি নচলিব, খিলঞ্জীয়াক চৰকাৰে নিৰাপত্তা দিয়ক আদি শ্ল’গান দি উত্তাল কৰি তোলে কুমাৰণী ছিগা অঞ্চল। ইপিনে ডিব্ৰুগড় চহৰতো যুদ্ধ বিৰতিত থকা আলফা নেতা মৃণাল হাজৰিকাৰ নেতৃত্বত শতাধিক লোকৰ অংশগ্ৰহণেৰে জোৰ সমদল উলিয়াই।