ৰঙিয়াঃ এন্টেনা ঘূৰাই একাংশ লোকে ক’লা-বগা টিভিৰ চেনেল মিলাইছে৷ টিভিৰ পৰ্দাৰ জিল-মিল কৰাত সকলোৰে দুচিন্তা মহাভাৰত চাবলৈ পাব নে নাই৷ কিছু সময় পাছতে মেকানিক আহি টিভিটো খুলি মহাভাৰত চাব পৰা কৰিলে৷ লগে লগে উৎফুল্লিত হৈ পৰে জকাইচুকৰ লোকসকল৷ গাঁওখনত এটাই টিভি৷ তাকো ক’লা- বগা৷
প্ৰতিদিনে দেশ-বিদেশৰ বাতৰি, ৰামায়ণ-মহাভাৰত চাবলৈ জুম পাতে বহু লোকে৷ টিভি থকা ঘৰখন যেন সাহিত্য সভাৰ মঞ্চহে৷ আৱাল, বৃদ্ধ বনিতাৰ মাজত গাঁওখনৰ একমাত্ৰ টিভিটোকলৈ নান কৌতূহল৷ প্ৰতিদিনে অনেক চৰ্চা৷ একাংশই টিভিৰ পৰ্দাত মিঠুনক দেখি মিঠুন হ’ব খোজে৷