তেজপুৰঃ তেজপুৰ এণ্ড ঘগৰা চাহ বাগিচা উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে৷ শ্ৰমিকৰ প্ৰাপ্য বোনাচ আদায়ক লৈ চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে চাহ শ্ৰমিক সকলে৷
উল্লেখ্য যে, চাহ শ্ৰমিক সকলৰ বাবে বাগিচা কৰ্তৃপক্ষই অসম চাহ মজদুৰ সংঘৰ সতে হোৱা আলোচনা মৰ্মে ২০ শতাংশ বোনাচ দুটা ভাগত দিয়া সিদ্ধান্তৰ প্ৰতিবাদ কৰে চাহ শ্ৰমিক সকলে৷ চাহ বাগিচা কৰ্তৃপক্ষই শ্ৰমিক সকলক ২০ শতাংশ বোনাচৰ ১২ শতাংশ বোনাচ বৰ্তমান দি বাকী ৮ শতাংশ বোনাচ জানুৱাৰী মাহত প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷