63
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত মাৰ্ঘেৰিটা নগৰৰ চেগুণবাৰী তিনি আলিত আজি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই এখন জল নিষ্কাষণ আঁচনি উদ্বোধন কৰে৷
মাৰ্ঘেৰিটা নগৰৰ বিভিন্ন অঞ্চলত বাৰিষাৰ দিন কেইটাত সৃষ্টি হৈ অহা কৃত্ৰিম বানপানী ৰোধৰ বাবে অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগ এই আঁচনি হাতত লয়। ৰাজ্য চৰকাৰৰ এন এল চি পি আৰ শিতানৰ ২১ কোটি ৫৬ লাখ টকা আবন্টন কৰা হয় আঁচনিৰ বাবে৷