গুৱাহাটীঃ কেৱল পত্নীৰ মালিকানাধীন নিউজ চেনেলত গৈ বৰ বৰ কথা কয় বুলি ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ থকাৰ মাজতে মঙলবাৰে মন্ত্ৰীগৰাকীয়ে ডি ৱাই-৩৬৫ নামৰ এটা ব্যক্তিগত চেনেলৰ আলোচনা অনুষ্ঠানত ভাগ লয়।
কেবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী হিমন্তই গো-হত্যা ৰোধ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত গো-হত্যা ৰোধৰ নামত কোনো লোকে আইন হাতত তুলি লোৱাতো উচিত নহয় বুলি স্পষ্ট কৰি দিয়ে৷ যদি কোনে লোকে ফেচবুক নতুবা গো-হত্যা ৰোধ সন্দৰ্ভত প্ৰচাৰ কৰিব পাৰে তেন্তে সেই সম্পৰ্কে একো ক’ব লগা নাই বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।