63
ডিজিটেল ডেস্কঃ নেৰা নেপেৰা বৰষুণৰ ফলত ভূমিস্খলনে বিপদ মাতিছে ছিকিমত৷ মঙলবাৰে নিশাৰে পৰা কেবাটাও ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ ৫গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকী লোক গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধিন হ’বলগীয়া হয়৷
নিশাই সংঘটিত ভূমিস্খলনৰ ঘটনাৰ ফলত পাহাৰ মাটিৰ তলত বৰ্তমানেও মানুহ আবদ্ধ হৈ থকাৰ সন্দেহ কৰি উদ্ধাৰ অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে৷