ডিজিটেল ডেস্কঃ নৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ গৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিল বলীউডৰ মোহময়ী অভিনেত্ৰী ছানী লিয়নী। নৃত্য আৰু অভিনয়ৰ দক্ষতাৰে বলীউডত নিগাজী স্থান দখল কৰিবলৈ সক্ষম হোৱা অভিনেত্ৰীগৰাকীয়ে গুজৰাটত এটা কোম্পেনীৰ বিজ্ঞাপনৰ যোগেদি নৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰে।
পিছে কেৰোণ লাগে তাতেই। অভিনেত্ৰী গৰাকীয়ে গুজৰাটত যিটো কোম্পেনীৰ ‘ব্ৰেণ্ড এম্বেছেডৰ’ হিচাপে নৱৰাত্ৰীৰ শুভেচ্ছা জ্ঞাপন কৰিছিল সেই কোম্পেনীটো হৈছে’ মেন ফোৰ্ছ কণ্ডম’ৰ। কোম্পেনীটোৱে ছানী লিয়নীৰ নৱৰাত্ৰীৰ শুভেচ্ছা সূচক হৰ্ডিং গুজৰাটৰ বাটে-পথে লগোৱাত গুজৰাটৰ কেতবোৰ সংগঠনে হৰ্ডিংবোৰ ফালি পেলায়।