আগৰতলাঃ দেশত আকৌ সংঘটিত হ’ল সাংবাদিক হত্যা। এইবাৰ এই ঘটনা সংঘটিত হ’ল অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত। ৰাজ্যখনৰ পশ্চিম ত্ৰিপুৰা জিলাত কৰ্তব্যৰত অৱস্থাতে অপহৰণ কৰি হত্যা কৰা হয় ২৮ বৰ্ষীয় সাংবাদিকগৰাকীক।
প্ৰাপ্ত বাতৰি মতে, সেই সময়ত ইন্ডিজেনিয়াছ পিপ’লছ ফ্ৰণ্ট অব ত্ৰিপুৰা (IPFT)ই অব্যাহত ৰখা পথ অৱৰোধ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহত ব্যস্ত আছিল ‘দিনৰাত’ নামৰ চেনেলটোত কৰ্মৰত সাংবাদিক শান্তনু ভৌমিক। পশ্চিম ত্ৰিপুৰা জিলাৰ আৰক্ষী বিষয়া অভিজিত সপ্তৰ্ষিয়ে জনোৱা মতে, মণ্ডাই নামৰ ঠাইখনত বাতৰি সংগ্ৰহ কৰি থাকোতেই তেওঁক কোনোৱে পিছফালৰ পৰা আক্ৰমণ কৰি অপহৰণ কৰে।