60
গুৱাহাটীঃ আজি বিশ্ব হৃদ দিৱস উপলক্ষে গুৱাহাটী প্ৰেচ ক্লাবত আয়োজিত হয় এক সজাগতা অনুষ্ঠান তথা সংবাদ মেল। ৰাজ্যৰ বিভিন্ন ঠাইত হৃদ ৰোগ সম্পৰ্কে ৰাইজক সচেতন কৰিবলৈ সজাগ সভাৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে স্বেচ্ছাসেৱী সংগঠন হাৰ্ট কেয়াৰ ছ’চাইটিয়ে।
মেল খনৰ লগত সংগতি ৰাখিয়ে ডাঃ বিকাশ ৰায় দাসে কয় যে হৃদ ৰোগ কেৱল বয়স্ক লোকৰেই নহয় কম বয়সীয়া লোক, মহিলা তথা শিশু সকলো আক্ৰান্ত হ’ব পাৰে।