ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত বিদেশী সজালে এগৰাকী উত্তৰ-পূবৰ যুৱতীক। এই ঘটনা সংঘটিত হৈছে আগ্ৰাত। ইতিহাস প্ৰসিদ্ধ চহৰখনৰ এটি স্মৃতিসৌধত প্ৰৱেশ কৰিবলৈ লোৱাৰ সময়তে বিদেশী নাগৰিকৰ সন্দেহত বাধাৰ সন্মুখীন হয় মঞ্জিতা চানু নামৰ যুৱতীগৰাকী। কেৱল ইমানেই নহয়, তাত কৰ্মৰত সুৰক্ষা কৰ্মীয়ে বন্ধুৰ সৈতে যোৱা মঞ্জিতাক ভাৰতীয় নাগৰিকত্বৰ প্ৰমাণ পত্ৰ পৰ্যন্ত দেখুৱাবলৈ কয়।
যোৱা শুকুৰবাৰে সংঘটিত এই ঘটনাৰ বিষয়ে নিজৰ ফেচবুক পেজৰ জৰিয়তে ৰাজহুৱা কৰাৰ পিছতে বিষয়টো পোহৰলৈ আহে। তেওঁ লিখিছে, ‘এয়া মোৰ দেশ ভাৰত হয়নে? মই ইয়াত নিৰাপদ হয়নে নহয়?’