ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াও দুৰ্নীতিক সমৰ্থন নকৰে৷ বিজেপি নেতা অৰুণ জেটলিৰ সৈতে ভাগ লোৱা দলীয় এক অনুষ্ঠানত এই কথা স্পষ্ট কৰি দিয়ে নৰেন্দ্ৰ মোদীয়ে৷ ভাৰতক এখন দুৰ্নীতি মুক্ত দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাই থকা প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘যিয়ে দুৰ্নীতিৰ সৈতে জড়িত হৈ পৰিব, সেইসকলক কেতিয়াই ৰেহাই দিয়া নহ’ব৷ তেওঁৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷’’
আনহাতে নৰেন্দ্ৰ মোদীয়ে নিজৰ বিষয়ে ক’বলৈ গৈ কয়, ‘‘মই কাৰ কাৰণে দুৰ্নীতি কৰিম? মোৰ কোনো সন্তান নাই, পত্নী নাই৷ দুৰ্নীতি কৰি ঘটা ধন খৰছ কৰিব পৰাকৈ মোৰ কোনো ব্যৱস্থাই নাই৷’’ প্ৰধানমন্ত্ৰীৰ এনে কথাৰ পাছতেই এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সততা আৰু নিষ্ঠা স্পষ্ট হৈ পৰিছে বুলি বহুতেই ব্যক্ত কৰিছে৷