ডিজিটেল ডেস্কঃ পুৱাই পুৱাই ঘৰৰ পৰা ওলাই ৰেলৰ দাঁতি অথবা নৈৰ পাৰলৈ গমন কৰিছে। মাজপথ পোৱাৰ লগে লগে পিছফালৰ পৰা কোনোৱে লুঙীখনত এক টান মাৰিছে। তাৰ পিছত এখন হাতেৰে পানীৰ পাত্ৰ লৈ আৰু আনখন হাতেৰে কোনোমতে লাজ নিবাৰণত ব্যস্ত হৈ পৰিছে।
ইফালে প্ৰাকৃতিক আহ্বানে দেহ জৰ্জৰিত কৰি তুলিছে। তেনে এক সময়তে শপত খাই ক’বলগীয়া হৈছে যে আজিৰ পৰা আৰু দুনাই তেনে কাম নকৰে। তাৰ লগতে ঘৰলৈ আহি দিবলগীয়া হৈছে ১০০ টকা জৰিমনা। আস মুকলিত প্ৰাতকৰ্ম কৰাৰ কি যে যন্ত্ৰণা!