ডিজিটেল ডেস্কঃ দেশৰ কোনো ঠাইত সুৰক্ষিত নহয় মহিলা৷ প্ৰতিদিনে দেশৰ ভিন্ন ঠাইত যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাৰ সময়তে এইবাৰ ৰাজস্থানত সংঘটিত হৈছে গণ ধৰ্ষণৰ ঘটনা৷ দিল্লীৰ এগৰাকী মহিলাক ৰাজস্থানৰ বিকানেৰত অপহৰণ কৰি ধৰ্ষণ কৰা ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ মহিলাগৰাকীৰ অভিযোগ কৰা মতে ২৩ গৰাকী পাষণ্ডই ধৰ্ষণ কৰিছিল মহিলাগৰাকীক৷
মহিলাগৰাকীয়ে থানাত দিয়া এজাহাৰ মতে যোৱা ২৫ চেপ্তেম্বৰত মহিলাগৰাকীয়ে এটুকুৰা মাটি চাবলৈ ৰাজস্থানৰ বিকানেৰলৈ গৈছিল৷ ইতিমধ্যে মহিলাগৰাকীয়ে উক্ত মাটি ক্ৰয় কৰিছে৷ জয়পুৰৰ পথৰ দাতিত গাড়ীৰ বাবে ৰৈ থকা অৱস্থাত দুগৰাকী লোকে এখন এছইউভি গাড়ীত তুলি অপহৰণ কৰে৷ কিছুদুৰ গৈ এটুকুৰা ঠাইত মহিলাগৰাকীক গাড়ীৰ ভিতৰতে ধৰ্ষণ কৰে অপহৰণকাৰীয়ে৷