এগৰাকী শকুন্তলাক আমি সকলোৱে জানো। দুষ্মন্তৰ বাবে ৰৈ ৰৈ ভাগৰি পৰা সেই অৰণ্য কন্যা। এই গৰাকী শকুন্তলাক পিছে আমি একেবাৰে নাজানো। এই গৰাকী শকুন্তলাই ৰজা দুষ্মন্তৰ বাবে ৰৈ নাথাকে। ৰৈ থাকে যাত্ৰীৰ বাবে। এই শকুন্তলা কোনো মানৱী নহয়। আজিৰ তাৰিখতো ভাৰত চৰকাৰৰ অধীনস্থ নোহোৱা দেশৰ একমাত্ৰ ব্যক্তিগত খণ্ডৰ ৰেল পৰিবহণ সেৱাই হৈছে ‘শকুন্তলা ৰেলৱে’। এই ৰেলৱেক এতিয়াও কিয় ইণ্ডিয়ান ৰেলৱেজৰ অধীনলৈ অনা হোৱা নাই সেয়া স্পষ্ট নহয়। ১৯৫২ চনত যেতিয়া সমগ্ৰ ৰেল পৰিবহণ সেৱাক ৰাষ্ট্ৰীয়কৃত কৰা হৈছিল তেতিয়া আচৰিত কাৰণত বাদ পৰি ৰয় ‘শকুন্তলা ৰেলৱে’।
শকুন্তলা এক্সপ্ৰেছ। শুনিবলৈ ৰোমাণ্টিক যেন লগা এই নামটো এখন বিশেষ ৰেলৰ। মহাৰাষ্ট্ৰৰ অমৰাৱতী জিলাৰ যৱতমল আৰু অচলপুৰৰ দৰিদ্ৰ গাঁওবাসীৰ বাবে জীৱনৰেখা স্বৰূপ এই শকুন্তলা এক্সপ্ৰেছ।
১৯১০ চন। ব্ৰিটিছ শাসিত ভাৰতত ব্যক্তিগত খণ্ডৰ ৰেল পৰিবহণ সেৱাৰ জয়-জয়কাৰ পৰিৱেশ। সেই সময়তে ব্ৰিটিছ ফাৰ্ম ‘কিল্লিক-নিক্সনে’ আৰম্ভ কৰিছিল শকুন্তলা ৰেলৱেজৰ ৰেল সেৱা। পৰৱৰ্তী সময়ত বিদৰ্ভৰ পৰা ইংলেণ্ডলৈ কপাহ ৰপ্তানিৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ ঔপনিৱেশিক ভাৰতত ৰেলপথ নিৰ্মাণৰ বাবে দায়িত্ব লাভ কৰা চেণ্ট্ৰেল প্ৰভিন্স ৰেলৱে কোম্পানী চমুকৈ চিপিআৰচিয়ে শকুন্তলা ৰেলৱেজৰ দায়িত্ব লয়। ১৯১৬ চনত ৰেলপথ নিৰ্মাণ প্ৰক্ৰিয়া সম্পূৰ্ণ হয় আৰু সেই পথেৰে মালবাহী ৰেলৰ লগতে যাত্ৰীবাহী ৰেলৰো চলাচল আৰম্ভ হয়। মধ্য ভাৰতৰ এই পথৰ ৰেলবোৰ গ্ৰেট ইণ্ডিয়ান পেনিনছুলাৰ ৰেলৱে চমুকৈ জি আই পি আৰে নিয়ন্ত্ৰণ কৰিছিল। স্বাধীনতাৰ পিছত জি আই পি আৰ ভাৰতীয় ৰেলৰ অন্তৰ্ভূক্ত হোৱাৰ পিছতো এই প্ৰক্ৰিয়া চলি আছে। কোনো সুৰুঙাৰ বাবে ৰাষ্ট্ৰীয়কৃত নোহোৱাকৈ থাকি যোৱাত বৰ্তমানো শকুন্তলা ৰেলৱে চি পি আৰ চিৰ মালিকানাধীন হৈ আছে। আনহাতে এতিয়াও কিল্লিক-নিক্সন নামৰ তাহানিৰ সেই ব্ৰিটিছ ফাৰ্মৰ অধীনতে আছে চি পি আৰ চি। আনকি কিল্লিক-নিক্সন ব্ৰিটিছৰ পৰা ভাৰতৰ হাতলৈ অহাৰ পিছতো আজিও প্ৰতিষ্ঠানটোৱে ভাৰতীয় ট্ৰেকত ব্যক্তিগত ৰেলৰ চলাচল অব্যাহত ৰাখিছে।