ডিজিটেল ডেস্কঃ শুকুৰবাৰে পুৱাই এতিহ্যমণ্ডিত কেডাৰ নাথ মন্দিৰত উপস্থিত হ’ল নৰেন্দ্ৰ মোডী৷ উত্তৰাখণ্ডৰ কেডাৰ নাথ মন্দিৰত উপস্থিত হৈ মন্দিৰটোৰ চৌদিশ পৰিদৰ্শন কৰে মোডীয়ে৷ মন্দিৰৰ কৰ্মকৰ্তা, মুল পূজাৰীক সাক্ষাত কৰাৰ লগতে সেৱা লয়৷ মোডীয়ে পৰ্যটকক কেডাৰ নাথ মন্দিৰ পৰিদৰ্শন কৰাৰ বাবে আহ্বান জনায়৷
মোডী কয় “কেডাৰ মন্দিৰৰ বাবে যিয়ে কাম কৰিব তেও ভৱিষ্যতৰ বাবে নিদৰ্শন হৈ থাকিব৷ তীৰ্থস্থান কেনে হ’ব লাগে তাৰ নিদৰ্শন হ’ব কেডাৰ নাথ ধাম৷ কেডাৰ নাথ কেৱল তীৰ্থস্থানে নহয় এই ঠাইৰ সৌন্দৰ্যই পৰ্যটকক আকৰ্ষণ কৰিব৷ ইয়াত থাকিব এডভেঞ্চাৰ ক্ৰীড়াৰ ব্যৱস্থা”৷