ধিংঃ কণ কণ ছাত্ৰ-ছাত্ৰীৰ মুখৰ পৰা চাউল কাঢ়ি নি প্ৰধান শিক্ষকে নিজৰ পৰিয়ালত ব্যৱহাৰ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাঁৱত৷ ছাত্ৰ-ছাত্ৰীৰ বাবে চৰকাৰে যোগান ধৰা বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল উদ্ধাৰ হোৱাৰ পিছতে এই ঘটনা পোহৰলৈ আহে৷ নগাঁও জিলাৰ বটদ্রৱাত প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ডাকাইবস্তি এম ই মাদ্রাছাৰ প্রধান শিক্ষকৰ ঘৰৰ পৰা আৰক্ষীয়ে শুকুৰবাৰে উদ্ধাৰ কৰে ১৭ বস্তা মধ্যাহ্ন ভোজনৰ চাউল৷
চাউল উদ্ধাৰ হোৱাৰ ঘটনা সন্দৰ্ভত স্থানীয় এগৰাকী সচেতন লোকে বটদ্ৰৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।জানিব পৰা মতে, ডাকাইবস্তি এম ই মাদ্রাছাৰ প্রধান শিক্ষকগৰাকীয়ে বিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ মধ্যাহ্ন ভোজনৰ ১৭ বস্তাকৈ চাউল বিদ্যালয় পৰিচালনা সমিতিৰ অজ্ঞাতে আৰু অনুমতি নোলোৱাকৈ সমবায়ৰ পৰা আনি নিজৰ ঘৰত ৰাখে।