Home গুৱাহাটীমহানগৰবাসীলৈ সু-খবৰ, ২৪ ঘন্টাই পাব বিশুদ্ধ খোৱা পানী

মহানগৰবাসীলৈ সু-খবৰ, ২৪ ঘন্টাই পাব বিশুদ্ধ খোৱা পানী

by News Desk
A+A-
Reset
12474846333_8e8f4bcf1b_b

অসমীয়া নতুন বছৰে মহানগৰবাসীলৈ কঢ়িয়াই আনিব এক শুভ সংবাদ |বহাগৰ পহিলা দিনটোৰ পৰাই মহানগৰবাসীয়ে ২৪ ঘন্টা ধৰি লাভ কৰিব বিশুদ্ধ খোৱাপানী| গুৱাহাটী জলব’ৰ্ডৰ আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ এগৰাকী শীৰ্ষ বিষয়াই জানিব দিয়া অনুসৰি প্ৰথম অৱস্থাত ৫ হাজাৰ পৰিয়ালে লাভ কৰিব এই সুবিধা|৩৯৪˙৫৩ কোটিৰে নিৰ্মাণ কৰা এই পানীযোগান আচঁনিটোৰ বাবে সমগ্ৰ মহানগৰীত প্ৰায় ৫০০ কিল’মিটাৰ দৈৰ্ঘ্যৰ পাইপ লাইন বহুৱাৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে|পানী যোগান প্ৰকল্পটোৱে প্ৰথমে মালিগাওঁ, আদাবাৰী, কামাখ্যা, ফটাশিল, আমবাৰী আদি অঞ্চল সামৰি ল’ব |তাৰোপৰি এই অঞ্চল কেইটাৰ প্ৰায় ৪ লাখ বাসিন্দাৰ কোনো অসুবিধা নোহোৱাকৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ উদ্দেশ্যে নিৰ্মীয়মান এই পানীযোগান প্ৰকল্পটোৰ বহন ক্ষমতা ১০৭ এম এল ডি|ইয়াৰোপৰি মধ্য গুৱাহাটীৰ প্ৰায়বোৰ অঞ্চলতে এই প্ৰকল্পৰ কাম চলি আছে|২৪ ফেব্ৰুৱাৰীৰ পূৰ্বে এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে বুলি মুখ্য বিষয়াজনে জানিবলৈ দিছে|মহানগৰবাসীক ২৪ ঘন্টাই অতি কম মূল্যত পানীযোগান ধৰিবলৈ জি এম ডি য়ে সম্পূৰ্ণ চেষ্টা কৰিছে বুলিও জানিবলৈ দিছে বিষয়াগৰাকীয়ে|

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0