চাবুৱাঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মস্থান চাবুৱাত যোৱা ৬ মাহ ধৰি প্ৰায় ২৫ খনতকৈ অধিক বিদ্যালয়ৰ অধিকাংশ ছাত্ৰ ছাত্ৰীয়ে গছৰ তলত পাঠগ্ৰহণ কৰি থকাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাবুৱা আঞ্চলিক সমিতিয়ে ।
সংগঠনটোৰ সাধাৰণ সম্পাদক দিপাঙ্কৰ গগৈ আৰু সভাপতি জিতুপন শইকীয়াই কয় যে যি সময়ত শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষা বিভাগৰ বহু উন্নতিৰ কথা কৈ গুণোৎসৱৰ নামত ধাক-ঢোল বজাই আছে ঠিক সেই সময়তেই চাবুৱাৰ পানীতোলা শিক্ষাখণ্ডৰ অধীনৰ ৰংচঙী প্ৰাথমিক বিদ্যালয় , সৰুপথাৰ প্ৰাথমিক বিদ্যালয়ৰ লগতে ২৫ খনতকৈ অধিক চৰকাৰী বিদ্যালয়ত শিক্ষাদান দিয়াৰ নামত কণ -কণ ছাত্ৰী সকলৰ জীৱনক লৈ হেতালি খেলি আহিছে শিক্ষা বিভাগে ।