585
ডিজিটেল ডেস্কঃ মহাকাশচাৰী পাওলো নেচপলিয়ে মহাকাশৰ পৰা লোৱা স্নেপশ্বট টুইট কৰে। ২১ অক্টোবৰত ভাৰতৰ নিশাৰ আলোকচিত্ৰ টুইট কৰে পাওলোৱে৷ দীপাৱলীৰ নিশাৰ ভাৰতবৰ্ষৰ পোহৰেৰে উজলি থকা আলোকচিত্ৰ খন চৰ্চালৈ আহে৷
নেচপলিয়ে তেওঁৰ @এচষ্ট্ৰ’-পাওলো নামৰ টুইটাৰ একাউন্টত আলোকচিত্ৰ খন প্ৰকাশ কৰাৰ লগতে ভাৰতবাসীক শুভেচ্ছা জনায়৷ প্ৰতিবছৰে মহাকাশ গৱেষণা সংস্থাই এনেদৰে ফটো প্ৰেৰণ কৰে। ইটালিৰ ৬০ বছৰীয়া মহাকাশচাৰীগৰাকীয়ে ফটোৰ কেপচনত Happy Diwali বুলি লিখে।