ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেওবাৰে পুৱা গুজৰাটৰ ভাৱনগড়ত ঘোঘাৰ পৰা ভৰোচলৈ থকা খম্বাটৰ পাৰত সমুদ্ৰ পৰিবহন ৰোল অন ৰোল অফ (ৰো ৰো) ফেৰী সেৱাৰ আঁচনি মুকলি কৰে৷ ফেৰি সেৱাৰ দ্বাৰা এই স্থান সমুহৰ দূৰত্ব ৩১০ কি.মি পৰা সমুদ্ৰ পথেৰে মাত্ৰ ৩০ কি.মি হৈ পৰিব৷
পিএম মোডীয়ে এই ফেৰি সেৱাক নিজৰ সপোনৰ প্ৰজেক্ট বুলি অভিহিত কৰিছে৷ দেওবাৰে আঁচনি মুকলি কৰি ঘোঘাত ৰাইজক সম্ভাষণ জনাই আৰু ইয়াৰ পিছত জাহাজত উঠি বদোডৰালৈ গৈ ১১৪০ কোটি টকাৰ আঁচনি খনৰ আধাৰশিলা স্থাপন কৰে৷