Home গুৱাহাটীজি আই এম টিৰ প্ৰশাসনিক ভৱন মুকলি

জি আই এম টিৰ প্ৰশাসনিক ভৱন মুকলি

by News Desk
A+A-
Reset
girija

গুৱাহাটীঃ মহানগৰীৰ ধাৰাপুৰস্থিত আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজীৰ নৱনিৰ্মিত প্ৰশাসনিক ভৱনটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। গাম্ভীৰ্যপূৰ্ণ এই উদ্বোধনী অনুষ্ঠানত উদ্বোধক হিচাপে উপস্থিত থাকে অল ইণ্ডিয়া কাউঞ্চিল ফৰ টেকনিকেল এডুকেশ্যন চমুকৈ(এ.আই.চি.টি.ই)ৰ অধ্যক্ষ অনিল ডি সহস্ৰবুদ্ধেই। ভৱনটো উদ্বোধন কৰি তেওঁ আশা প্ৰকাশ কৰে যে অনাগত দিনত শিক্ষা প্ৰতিষ্ঠানখনে শৈক্ষিক দিশটোত ছাত্ৰ-ছাত্ৰীসকলক অধিক গতিশীল কৰি তুলিব। উক্ত অনুষ্ঠানত অংশ গ্ৰহণ কৰে (এ.আই.চি.টি.ই)ৰ উপাধ্যক্ষ ডঃ এম পি পুনিয়া, সঞ্চালক ডঃ এম এছ মান্না, ই আৰৰ আঞ্চলিক বিষয়া ডঃ এম এছ গাৰ্গৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তি। একেটা অনুষ্ঠানতে নতুন ছাত্ৰাৱাস এটাৰ আধাৰশিলাও স্থাপন কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0