মোৰাঝাৰঃ কাবাডী খেলৰ প্ৰচাৰ তথা হোজাই জিলাৰ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবলৈ নুৰ উদ্দিন আহমেদ ফাউণ্ডেছনৰ অনুষ্ঠিত কৰে কাবাডী প্ৰতিযোগিতা৷ হোজাই জিলাৰ মোৰাঝাৰত অনুষ্ঠিত হোৱা কাবাডী প্ৰতিযোগিতাৰ চূড়ান্ত খেল খন দেওবাৰে নিশা অনুষ্ঠিত হয়৷
মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজ চৌহদত অনুষ্ঠিত খেল খনত মোৰাঝাৰ অমৰজোতি দল আৰু চৌধৰী বজাৰ দলৰ মাজত অনুষ্ঠিত হয়৷ তীব্ৰ উত্তেজনা পূৰ্ণ খেল খনত অমৰজোতি দলে চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে৷ ৰানাৰ্চ আপ খিতাপ অৰ্জন কৰে চৌধৰী বজাৰ দলে৷