গুৱাহাটীঃ অসমীয়া ছবিক আৰু এখোজ আগুৱাই লৈ যোৱাৰ মানসেৰে নিৰ্মাণৰ সকলো দিশ সামৰি সম্প্ৰতি মুক্তিৰ ক্ষণ গণিছে এখন নতুন অসমীয়া ছবিয়ে ৷ নৰ্মান ষ্টুডিঅ’ ৱৰ্কছৰ বেনাৰত নৰেন্দ্ৰ এন সিনহাৰ প্ৰযোজনা আৰু মনি সিনহাৰ পৰিচালনাৰে নিৰ্মিত অসমীয়া ছবি ‘ৰাফ এণ্ড টাফ’য়ে ২৪ মাৰ্চত মুক্তিলাভ কৰিব।
ৰোমাণ্টিক একচনধৰ্মী ছবিখন নিৰ্মিত হৈছে এহাল সম্পূৰ্ণ ভিন্ন প্ৰবৃত্তিৰ যুৱক-যুৱতীৰ মাজত গঢ় লৈ উঠা এক অগতানুগতিক প্ৰেম কাহিনীক লৈ ৷ কাহিনীৰ নায়ক খঙাল প্ৰবৃত্তিৰ নিলম্বিত আৰক্ষী বিষয়া হোৱাৰ বিপৰীতে নায়িকাগৰাকী হৈছে নিৰ্জু স্বভাৱৰ চিকিৎসক৷