গুৱাহাটীঃ ৰাজনীতিৰ ধামখুমীয়াত সাধাৰণ লোকৰ জীৱনৰ সৈতে জড়িত বহু কাহিনীয়ে হেৰাই যায়। সেই হেৰাই যোৱা জীৱনৰ কাহিনীয়ে আলফুলকৈ তুলি আনি আমাৰ গতানুগতিক চিন্তাত আউল লগাবপৰা এখন অসমীয়া বোলছবি হৈছে বিউটিফুল লাইভজ।
৩০ অক্টোবৰ, ২০০৮ ৰ গণেশগুৰিৰ সেই অভিশপ্ত দিনটো সকলোৰে মনত আছে। সেই ক’লা দিনটোৰে ভুক্তভোগী এজনৰ জীৱনৰ ওপৰত আধাৰিত কংকন ডেকাৰ প্ৰথমখন অসমীয়া বোলছবি বিউটিফুল লাইভজত আছে জীৱনৰ সকৰুণ ছবি- যৌনতা আৰু প্ৰেমৰ কলাসুলভ অভিব্যক্তি। প্ৰেমৰ নিবিড় মুহুৰ্তৰ উপস্থাপনেৰে মুক্তিৰ পুৰ্বেই বিতৰ্কৰ সৃষ্টি কৰা বোলছবিখনে ১৭ ফেব্ৰুৱাৰীত ছবিঘৰলৈ আহি দৰ্শক তথা সমালোচকৰপৰা আশানুৰূপ সঁহাৰি লাভ কৰা পৰিলক্ষিত হৈছে।