85
ধিংঃ অভিশাপ স্বৰূপ দৰিদ্ৰতাৰ পৰা মুক্তি লাভ কৰাৰ স্বাৰ্থত বহিঃৰাজ্যত কাম কৰিবলৈ গৈ অসমৰ এগৰাকী যুৱক ১৫ দিনে নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নগাওঁ-মৰিগাওঁ সীমান্তৰ মিকিৰভেটাৰ গা-খজুৱা গাঁৱত।
দৰিদ্ৰ পৰিয়ালৰ যুৱক মন্টু বৰদলৈয়ে ঘৰত পত্নী কাবেৰী বৰদলৈ আৰু দুই কন্যা সন্তান প্ৰীতি আৰু ৰাজশ্ৰীক এৰি বহিঃৰাজ্যত কাম কৰিবলৈ গৈ নিৰুদ্দেশ হয়।