ডিজিটেল ডেস্কঃ বিতৰ্কই লগ এৰা নাই পদ্মাৱতীক৷ প্ৰথমে মূখ্য অভিনেত্ৰী দীপিকাক টুইটাৰ যোগে বিৰোধ তাৰ পিছত পদ্মাৱতী তথা অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য ৫ কোটি টকা ঘোষণা।হাৰিয়ানা বিজেপি নেতা সুৰজ পল অমুই অভিনেত্ৰী দীপিকা আৰু পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ মুৰৰ মূল্য দুগুণ কৰি ১০ কোটি টকালৈ বৃদ্ধি কৰে৷
যিয়ে তেওলোকৰ মুৰ-নাক কাটি আনিব তেওলোকক ১০ কোটি দিম বুলি ঘোষণা কৰে৷ ৰাজপুত সেনাৰ যিগৰাকী যুৱকে ৫ কোটি টকা ঘোষণা কৰিছে তেওক শুভেচ্ছা যাচে বিজেপিৰ নেতাগৰাকীয়ে৷ আনকি বিজেপি নেতা সুব্ৰমনিয়াম স্বামী আৰু যোগী আদিত্য নাথেও টুইট কৰে অভিনেত্ৰীৰ বিৰুদ্ধে৷ তাৰ পিছত আক্ৰমণৰ লক্ষ্য কৰি লয় ছবি খনৰ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীক৷এইবাৰ এগৰাকী লোকে হিন্দী বোলছবি খন বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে চূড়ান্ত সিন্ধান্ত ললে এগৰাকী যুৱকে।