Home অন্যান্য খবৰসোণতলীত চিকিৎসকৰদ্বাৰা ৰাইজৰ ধন আত্মসাতৰ অভিযোগ

সোণতলীত চিকিৎসকৰদ্বাৰা ৰাইজৰ ধন আত্মসাতৰ অভিযোগ

by News Desk
A+A-
Reset

নগৰবেৰাঃ চৰকাৰী চিকিৎসালয়ৰ চিকিৎসক এজন ছীট ফাণ্ডৰ টকা আত্মসাৎ কৰাৰ এক ঘটনা পোহৰলৈ অহাত কামৰূপ গ্ৰাম্য জিলাৰ বকো বিধান সভা সমষ্টিৰ সোণতলীত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি  হৈছে। প্ৰাপ্ত অভিযোগ মতে বকো সমষ্টিৰ সোণতলী প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ডঃ ছামছুল আলমে ৰিলেস্ক ফাৰ্মা ছেলচ্ প্ৰাইভেট লিমিটেড নামৰ ভূৱা কোম্পানী খুলি নিজে মুখ্য পৰিচালন সঞ্চালক হৈ বহুতো নিবনুৱা যুৱকক এজেন্ট হিচাপে নিয়োগ কৰিছিল৷ এজেন্টৰদ্বাৰা সংগ্ৰহ কৰিছিল লক্ষাধিক টকা ।

২০০৯ চনতে চিকিৎসক ছামছুল আলমে এইদৰে দুখীয়া জনসাধাৰণৰ পৰা ৫৫০ টকাৰ পৰা ১১০০ টকা পৰ্যন্ত সংগ্ৰহ কৰিছিল । দুখীয়া ৰাইজক অধিক ধনৰ লাভ দেখুৱাই এনেদৰে সংগ্ৰহ কৰা টকা চিকিৎসক ছামছুল আলমে আত্মসাৎ কৰাত বিপাঙত পৰিছে এজেন্টসকল । ইতিমধ্যে এগৰাকী এজেন্টে উপায়ন্তৰ হৈ প্ৰতাৰক চিকিৎসকৰ বিৰুদ্ধে বকো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0