গুৱাহাটীঃ ২০১৫ চনৰ ফেব্ৰুৱাৰীত বি টি এডিৰ কৰ্তৃপক্ষই বিটিএডিৰ ষষ্ঠ অনুসূচিত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক ৮০০০ হাজাৰ টকা মাহিলি দৰমহাৰ চুক্তিত ৬ মাহৰ বাবে শিক্ষক পদত নিয়ুক্তি প্ৰদান কৰে। চাকৰিৰ ম্যাদ উকলি যোৱাৰ পিছত প্ৰতি ছয়মাহৰ মূৰে মূৰে পুনৰ ম্যাদ বৃদ্ধি কৰি অহা কৰ্তৃপক্ষই শিক্ষকসকলক ২৪ মাহৰ কামৰ বিনিময়ত মাত্ৰ ৪ মাহৰ দৰমহাহে প্ৰদান কৰে। এনে বঞ্চনাৰ প্ৰতিবাদত আজি বিটিএডিৰ টেট শিক্ষকসকলে গুৱাহাটীৰ দীঘলীপুখুৰীত মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।
বিটিএডিৰ টেট শিক্ষকসকলে জনোৱা মতে তেওঁলোকে পাব লগা ২০ মাহৰ দৰমহা এতিয়াও সংশ্লিষ্ট কৰ্তৃপক্ষই আদায় দিয়া নাই। এই সন্দৰ্ভত ৰাজ্যৰ শিক্ষা মন্ত্ৰীক আবেদন জনায়ো টেট শিক্ষক সকলে কোনো সুফল পোৱা নাই। বিটিএডি অঞ্চল হোৱা বাবে শিক্ষা মন্ত্ৰীয়ে টেট শিক্ষক সকলৰ সমস্যাসমূহ আওকাণ আৰু অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰিছে কৰিছে বুলি টেট শিক্ষকসকলে।