গুৱাহাটীঃ নানা আকৰ্ষণীয় ডিজাইনৰ জিন্স-টপ, লেহেংগা, চুৰিদাৰ, প্লাজোৰ পয়োভৰৰ মাজতো জনপ্ৰিয়তা একেই আছে শাৰীৰ। ক’বলৈ গ’লে শাৰী বুলিলে এতিয়াও উদ্বাউল হৈ পৰে ভাৰতীয় যুৱতী-মহিলাসকল।
ৰং-বিৰঙৰ শাৰীৰ প্ৰতি যুৱতী-মহিলাৰ এনে আকৰ্ষণৰ প্ৰতি লক্ষ্য ৰাখিয়েই ২০১৫ চনত ক্ৰিয়েট হৈছিল এটি ফেচবুক গ্ৰুপ ‘দ্যা শাৰী সাগা’। ৫৫ হাজাৰ মহিলা অন্তৰ্ভূক্ত হোৱা এই গ্ৰুপটোৱে কেৱল পিন্ধন-উৰণতে সীমাবদ্ধ নাথাকি বিগত সময়ছোৱাত একাধিক সামাজিক কাম-কাজৰ সৈতেও জড়িত হৈ আহিছে।