গুৱাহাটীঃ বিতৰ্ক আৰু তেজপুৰৰ সাংসদ আৰ পি শৰ্মা যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ বিজেপিৰ বিতৰ্কিত সাংসদ আৰ পি শৰ্মাই আছুক মেনেজ কৰি অবৈধ হিন্দু নাগৰিকক অসমত সংস্থাপন কৰিম বুলি কৈ সৃষ্টি কৰা বিতৰ্কৰ পিছত এইবাৰ ফেচবুক যোগে এক নতুন বিতৰ্কৰ সূচনা কৰে৷
এইবাৰ দেশক ৫ কোটি বাংলাদেশী থকা বুলি আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি বাংলাদেশীক প্ৰৱেশত অনুপ্ৰেৰণা যোগায় বুলি ফেচবুকত পোষ্ট দিয়ে৷ বিতৰ্কই লগ নেৰা সাংসদ আৰপিয়ে মমতা বেনাৰ্জীয়ে পশ্চিম বংগত বাংলাদেশীক অনুপ্ৰৱেশত প্ৰেৰণা যোগাইছে বুলি কৈ নতুন বিতৰ্কৰ সৃষ্টি কৰে৷