84
হায়দৰাবাদঃ হোৱাট্ছ এপ্ৰ জৰিয়তে বিবাহ বিচ্ছেদ হায়দাৰাবাদত৷ যিসময়তে সমগ্ৰ দেশতে তিনি তালাকে বিতৰ্কৰ সৃষ্টি কৰিছে সেই সময়তে এনে আজৱ ঘটনা সংঘটিত হৈছে হায়দাৰাবাদত৷
হায়দাৰাবাদৰ এটা পৰিয়ালৰ দুজন ভাতৃয়ে হোৱাটছ এপৰ জৰিয়তেই বিবাহ বিচ্ছেদ কৰিলে পত্নীৰ সৈতে৷ পৰিয়ালটোৰ জেষ্ঠ পুত্ৰ আমেৰিকা নিৱাসী ছঈদ ফইজুদ্দিনে হায়দাৰাবাদত থকা পত্নীক হোৱাটছ এপত ‘তালাক’ শব্দটো ৩ বাৰ লিখি পঠিয়ায়। ইয়াৰ কেইদিনমান পিছতে বিচ্ছেদৰ বাবে নথিপত্ৰ পঠিয়ায় ফইজুদ্দিনে৷