যুনানঃ সমাজবাদী ৰাষ্ট্ৰ চীনত নিপিড়ীতৰ ভাষ্য ল’বলৈ যাওতে প্ৰহৃত হ’ল বিবিচিৰ সংবাদদাতাৰ এটি দল। য়ুনান প্ৰদেশৰ জিণ্ডু গাৱৰ চীনা পৰিয়ালৰ এটিৰ খবৰ ল’বলৈ যাওতে ৰাস্তাতে বাট ভেঁটি ধৰে চৰকাৰী পক্ষৰ লোকে নানা প্ৰশ্নৰে ব্যতিবস্ত কৰে সাংবাদিকৰ দলটোক। তাৰপিছতে দলটোক প্ৰহাৰ কৰাৰ লগতে হাতৰপৰা কেমেৰা কাঢ়ি নি ভাঙি পেলায়। কেৱল এয়াই নহয়, দলটোৱে বেআইনীভাৱে সাক্ষাতকাৰ লোৱাৰ চেষ্টা কৰা বুলিও এখন সন্মতিপত্ৰত বলপূৰ্বকভাবে স্বাক্ষৰ কৰিবলৈও বাধ্য কৰোৱা হয় সাংবাদিকৰ দলটোক।
উল্লেখ্য যে য়াং লিনহুৱা নামৰ যুৱতীগৰাকীৰ পিতৃক ভূমি সম্পৰ্কীয় বিবাদত আজিৰপৰা তিনি বছৰ পূৰ্বে লাঠিৰে মৰিয়াই হত্যা কৰা সন্দৰ্ভত চলি থকা গোচৰ সন্দৰ্ভত চৰকাৰী অনুমতি সাপেক্ষে সাক্ষাত কৰিবলৈ গৈছিল দলটো।