হায়দৰাবাদঃ হোৱাট্‌ছ এপ্‌ৰ জৰিয়তে বিবাহ বিচ্ছেদ হায়দাৰাবাদত৷  যিসময়তে সমগ্ৰ দেশতে তিনি তালাকে বিতৰ্কৰ সৃষ্টি কৰিছে সেই সময়তে এনে আজৱ ঘটনা সংঘটিত হৈছে হায়দাৰাবাদত৷

হায়দাৰাবাদৰ এটা পৰিয়ালৰ দুজন ভাতৃয়ে হোৱাটছ এপৰ জৰিয়তেই বিবাহ বিচ্ছেদ কৰিলে পত্নীৰ সৈতে৷ পৰিয়ালটোৰ জেষ্ঠ পুত্ৰ আমেৰিকা নিৱাসী ছঈদ ফইজুদ্দিনে হায়দাৰাবাদত থকা পত্নীক হোৱাটছ এপত 'তালাক’ শব্দটো ৩ বাৰ লিখি পঠিয়ায়। ইয়াৰ কেইদিনমান পিছতে বিচ্ছেদৰ বাবে নথিপত্ৰ পঠিয়ায় ফইজুদ্দিনে৷

আনহাতে দ্বিতীয় বোৱাৰী মেহৰেন নুৰৰ লগতো অনুৰূপ ঘটনাই ঘটে৷ ইতিমধ্যে এই অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে দুই পত্নী৷ বিবাহ বিচ্ছেদৰ পিছত সন্তানৰ ভৰণ-পোষণক লৈও প্ৰশ্ন কৰিছে জেষ্ঠ্য বোৱাৰী হেনাই৷ দ্বিতীয় বোৱাৰী মেহৰেনৰ ভাষ্য অনুসৰি ভুৱা পৰিচয়ৰে তেওঁক বিয়া কৰাইছিল পতি ওচমান কুৰেশ্বীয়ে৷